Posts

বাদুলিৰ বিচিত্ৰ জগতখন

Image
' বাদুলি ’ - শব্দটো শুনাৰ লগে লগে প্ৰথমেই আমাৰ চকুৰ সমুখত কোনবোৰ দৃশ্য ভাহি উঠে ! হয় , ঠিকেই ভাবিছে - কালিকা লগা এটা ৰাতি , ঘোৰ অন্ধকাৰ পৰিৱেশ , তিমিৰাচ্ছন্ন এটি গুহা অথবা পৰম নিৰ্জনতাই বিৰাজ কৰা , জনবসতিৰ পৰা বহু দূৰৈত অৱস্থিত এক পূৰণি গৃহ অথবা ভূতবাংলা । অতীজৰে পৰা মানৱসমাজত বাদুলি   সম্পৰ্কে বিভিন্ন ভ্ৰান্ত ধাৰণা তথা অন্ধবিশ্বাস প্ৰচলিত হৈ আহিছে । ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয় , বাদুলি সম্বন্ধীয় অনেকৰকমৰ কাহিনী , ঘটনা   ভাৰতৰ বিভিন্ন অঞ্চলৰ লোকৰ মুখে মুখে শুনিবলৈ পোৱা যায় । বহুতে কয় বাদুলি এবিধ অ শুভ প্ৰাণী আকৌ আন বহুলোকৰ মতে ই সৌভাগ্যৰ প্ৰতীক । পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো বাদুলিৰ আছে এক বৃহৎ ভূমিকা । প্ৰকৃততে বাদুলি এক অতি ৰহস্যময়ী জীৱ । বহুতো আজৱ আৰু আশ্বৰ্যকৰ কথা জড়িত হৈ আছে বাদুলিৰ সৈতে । আজি সমগ্ৰ বিশ্ব ক ’ ভিড - ১৯ মহামাৰীৰ সৈতে যুঁজি আছে । ক ’ ৰ ’ না ভাইৰাছৰ সংক্ৰমণে লক্ষ - লক্ষ লোকৰ প্ৰাণ কাঢ়িছে আৰু বিভিন্নমহলে দাবী কৰা অনযায়ী এই সমগ্ৰ পৰ